বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱাৰ ৯ দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাওনা হ’ব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে উৰুগুৱেৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু অ’ৰছিৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতক প্রতিনিধিত্ব কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই ভ্রমণে উৰুগুৱেৰ সৈতে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰিবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকে সূচাইছে। পৱিত্ৰ মাৰ্ঘেৰিটাৰ বাহামাছ ভ্রমণে যোৱা বছৰ নৱেম্বৰত গুয়ানাত অনুষ্ঠিত দ্বিতীয় ভাৰত- কেৰিক’ম শীৰ্ষ সন্মিলনৰ সময়ত ভাৰত আৰু বাহামাছৰ প্ৰতিনিধিবর্গৰ মাজত হোৱা আলোচনাক আগুৱাই লৈ যাব। দুয়োখন দেশৰ মাজৰ বৰ্তমানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰৰ অন্বেষণ মন্ত্ৰীগৰাকীৰ এই যাত্ৰাৰ মূল উদ্দেশ্য বুলি কোৱা হৈছে।
বাৰবাডোছ ভ্ৰমণকালত শ্ৰী মাৰ্ঘেৰিটাই সফল ভাৰত-কেৰিক’ম শীৰ্ষ সন্মিলনৰ পাছত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ সন্মানীয় অৰ্ডাৰ অব্ ফ্ৰীডম অব্ বাৰবাডোছ সন্মান গ্রহণ কৰিব। ভাৰত-কেৰিক’ম শীৰ্ষ সন্মিলনৰ সময়ত এই সন্মান ঘোষণা কৰা হৈছিল।
এই ৯ দিনীয়া ভ্ৰমণৰ অন্তিম পৰ্যায়ত মন্ত্ৰীগৰাকী নিকাৰাগুৱালৈ যাব। তাত তেওঁ কেইবাখনো দ্বিপাক্ষিক বৈঠকত ভাগ ল’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এয়া প্ৰথম মন্ত্ৰী পৰ্যায়ৰ নিকাৰাগুৱা ভ্ৰমণ হ’ব। বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰীগৰাকীয়ে এই চাৰিদেশীয় ভ্ৰমণকালত দেশ কেইখনৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব আৰু ৰাজনীতি, ব্যৱসায় আৰু উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তি আৰু দেশকেইখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতে আলোচনাত মিলিত হ’ব। শ্রী মাৰ্ঘেৰিটাই ভ্রমণকালত দ্বিপাক্ষিক উন্নয়ন সহযোগিতা প্ৰকল্পৰ স্থলীসমূহো পৰিদৰ্শন কৰিব।
Site Admin | February 27, 2025 3:17 PM | Pabitra magharita
৯ দিনীয়া ভ্ৰমণসূচীৰে বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱালৈ যাব
