ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৯ কোটি ৩ লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০০০০ কোটি টকা হস্তান্তৰ কৰা হ’ব : মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় গ্রামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰানসীৰ পৰা ৯ কোটি তিনি লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে এই কথা প্রকাশ কৰে। তেওঁ কয় যে, যোৱা ১০ বছৰত ১১ কোটি কৃষকৰ একাউণ্টলৈ ৩ লাখ কোটি টকা হস্তান্তৰ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ সকলো ৰাজ্যৰ মুখ্যমন্ত্রীকে প্রধানমন্ত্ৰীৰ মঙলবাৰৰ অনুষ্ঠান অংশ ল’বলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ কয় যে, গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ মন্ত্ৰ্যালয়ৰ বিষয়াসকলৰ সৈতে কৃষক কল্যাণৰ লগত জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিছে । শ্রীচৌহানে কয় যে, তেওঁ নতুন চৰকাৰৰ প্ৰথম ১০০ দিনৰ পৰিকল্পনাৰ অধীনত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ কাৰ্য পৰিকল্পনাৰ ইতিমধ্যে পর্যালোচনা চলাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ প্ৰতিটো সমস্যাই গুৰুত্ব সহকাৰে ল’ব আৰু আঁচনিখনৰ নীতি-নিয়ন সলনি কৰাৰ আৱশ্যকতা অনুভৱ কৰিলে সংস্কাৰ সাধন কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।