ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৮ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত মৰিছাছৰ প্ৰধানমন্ত্ৰী ড° নবীন চন্দ্ৰ ৰামগুলাম আৰু তেওঁৰ পত্নী বিনা ৰামগুলাম

● মৰিছাছৰ প্ৰধানমন্ত্ৰী ড° নবীন চন্দ্ৰ ৰামগুলাম আৰু তেওঁৰ পত্নী বিনা ৰামগুলাম ৮ দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী ৰামগুলামৰ কাৰ্যকালত এয়া হ’ব তেওঁৰ দ্বিপাক্ষিক কাৰ্যসূচীৰে প্ৰথমটো ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১৪ চনৰ মে মাহত প্ৰধানমন্ত্ৰী ৰামগুলামে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল। প্ৰধানমন্ত্ৰী ৰামগুলামৰ এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ উদ্দশ্যে আলোচনাত মিলিত হ’ব। ড° ৰামগুলামে মুম্বাই, বাৰানসী, অযোধ্যা আৰু তিৰুপতিও ভ্ৰমণৰ কৰিব। মুম্বাইত তেওঁ এটা ব্যৱসায়িক অনুষ্ঠানতো উপস্থিত থাকিব। সামাজিক মাধ্যমৰ এটা বার্তাযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণ্‌ধীৰ জয়ছোৱালে প্ৰকাশ কৰে যে এই ভ্রমণে ভাৰত-মৰিছাছ বর্ধিত কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰি তুলিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।