মৰিছাছৰ প্রধামন্ত্ৰী নবীন চন্দ্ৰ ৰামগোলাম ৮ দিনীয়া ভ্রমণসূচীৰে অহা ৯ ছেপ্তেম্বৰত নতুন দিল্লীত উপস্থিত হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছৱালে কয় যে নবীন চন্দ্ৰ ৰামগোলামৰ এয়া প্ৰথমটো ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ছোৱাত মৰিছাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুম্বাই, বাৰানসী, অযোধ্যা আৰু তিৰুপতি ভ্ৰমণ কৰিব।
ভাৰতীয় লোকৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াত হোৱা প্ৰতিবাদক লৈ সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত জয়ছৱালে কয় যে অষ্ট্ৰেলিয়াৰ বহু চহৰত অনুপ্রবেশ বিৰোধী প্রতিবাদ সংঘটিত হৈছিল আৰু এই সন্দৰ্ভত ভাৰতীয় উচ্চায়ুক্ত আৰু কনচুলেট জেনেৰেলৰ তৰফৰ পৰা অষ্ট্ৰেলিয়াৰ চৰকাৰৰ সৈতে নিয়মীয়া যোগাযোগ অব্যাহত ৰখা হৈছে। তেওঁ লগতে কয় যে ভাৰত চৰকাৰে বহিঃৰাষ্ট্ৰত থকা সকলো ভাৰতীয়ৰ কল্যাণ আৰু মংগলৰ বাবে সদায়েই কাম কৰি আহিছে।
ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত শেহতীয়া বৈঠকৰ সন্দৰ্ভত সাংবাদিকৰ আন এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে দেশ দুখনে ইতিবাচক দৃষ্টিভংগীৰে আলোচনা কৰিছিল আৰু ভৱিষ্যতেও ইতিবাচকভাৱেই সম্পর্ক আগবাঢ়ি যাব।
Site Admin | September 5, 2025 9:04 PM | 6th Prime Minister of Mauritius | Akashvani | Akashvani News | Mauritius | Navin Ramgoolam
৮ দিনীয়া ভ্রমণসূচীৰে অহা ৯ ছেপ্তেম্বৰত নতুন দিল্লীত উপস্থিত হ’ব মৰিছাছৰ প্রধামন্ত্ৰী নবীন চন্দ্ৰ ৰামগোলাম
