ডাউনলোড
মোবাইল এপ

android apple
signal

৮৩ বছৰ বয়সত বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।

গতিশীল সময়ৰ ৰায় মানি কাহানিও উভতি নহা বাটেৰে আজি বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তই বিদায় মাগিছে।

সাত দশকৰো অধিক কালজুৰি অসমীয়া গীতি সাহিত্য, অভিনয়, চলচ্চিত্ৰ আৰু নাট্যক্ষেত্ৰলৈ বৰঙণি যোগাই অহা হেমন্ত দত্তৰ গীতসমূহে অগণন শ্ৰোতাৰ হৃদয় জিনিবলৈ সমৰ্থ হৈছে। ১৯৪২ চনত দৰং জিলাৰ খাৰুপেটিয়াত জন্মলাভ কৰা হেমন্ত দত্তই আকাশবাণী গুৱাহাটীৰ পৰা ১৯৭৪ চনত গীতিকাৰৰূপে স্বীকৃতি লাভ কৰিছিল। আকাশবাণীৰ বাবে ৫০ টাৰো অধিক গীত ৰচনা কৰা গীতিকাৰ গৰাকীয়ে কেইবাখনো নাটকতো অভিনয় কৰিছিল। আকাশবাণী গুৱাহাটীৰ সাধক সুন্দৰৰ অনুষ্ঠানত তেওঁ এইদৰে মনৰ ভাব প্ৰকাশ কৰিছিল। ১৯৬৯ চনত মুক্তি লাভ কৰা ব্ৰজেন বৰুৱা পৰিচালিত ড০ বেজবৰুৱা চলচ্চিত্ৰত মুখ্য সহকাৰী পৰিচালক হিচাপে চলচ্চিত্ৰ ক্ষেত্ৰত ভৰি দিয়া দত্তই কেইবাখনো চলচ্চিত্ৰৰ মুখ্য সহকাৰী পৰিচালক আৰু চিত্ৰ নাট্যকাৰ হিচাপে কাম কৰিছিল। ১৯৭৭ চনত নতুন আশা নামৰ চলচ্চিত্ৰৰে অসমৰ চলচ্চিত্ৰত গীত ৰচনাৰ আৰম্ভণি কৰা গীতিকাৰগৰাকীৰ কেইবাটাও কালজয়ী গীতত কেইবাগৰাকীও খ্যাতনামা শিল্পীয়ে কণ্ঠ দিছে। ভালেকেইখন চলচ্চিত্ৰত অভিনয়, শতাধিক নাট ৰচনাৰে অসমৰ অভিনয় আৰু সাহিত্য জগতত অৱদান আগবঢ়াই যোৱা গীতিকাৰগৰাকীক অসম চৰকাৰে সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা আৰু অসম সৌৰভ বঁটাৰে সন্মানিত কৰিছিল ৷ ভ্ৰাম্যমানৰ বাবে টাইটানিক, সেন্দূৰকে ধৰি ভালেমান কালজয়ী নাট ৰচনা আৰু পৰিচালনা কৰা দত্তক ২০১৮-১৯ বৰ্ষৰ ভৱেন্দ্ৰনাথ শ‍ইকীয়া বঁটা আৰু ২০১৮ বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছিল। এয়া নিষ্ঠুৰ সত্য যে, তেওঁ আজি কায়িকভাৱে আমাৰ মাজত নাই। কিন্তু গীতেৰে, কথাৰে তেওঁৰ সত্বা চিৰকাল আকাশে-বতাহে মূৰ্তমান হৈ থাকিব।

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন চৌহদত প্রয়াত শিল্পীগৰাকীৰ প্ৰতি ৰাজ্যৰ সাংস্কৃতিক জগতৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে শেষ শ্রদ্ধা তৰ্পণ কৰাৰ পাছত হেমন্ত দত্তৰ নশ্বৰ দেহ তেওঁৰ পৈত্রিক ভূমি মঙলদৈ লৈ যোৱা হয়। অগণন গুণমুগ্ধৰ উপস্থিতিত মঙলদৈৰ ভেবাৰঘাট ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ অন্তেষ্টিক্রিয়া সম্পন্ন কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, গুণমুগ্ধ আৰু বহু সংগঠনে তেওঁৰ বিয়োগত শোক প্রকাশ কৰিছে। গীতিকাৰগৰাকীৰ বিয়োগে অসমৰ সাহিত্য-সংস্কৃতি জগতত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে বুলি তেওঁলোকে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।