৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়। চিলাপথাৰত আজি পুৱা কেৰালা আৰু ৰে’লৱেৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত দুয়োটা দলে ১-১ গ’লত সমতা স্থাপন কৰে। ইয়াৰ পাছত ছাৰ্ভিচেছ আৰু ওড়িশাৰ মাজৰ খেলখন গ’ল শূন্যভাৱে ড্ৰ’ হয়। ঢকুৱাখনাত অনুষ্ঠিত পাঞ্জাব আৰু মেঘালয়ৰ মাজৰ ৰোমান্সকৰ খেলখন ৩-৩ গ’লত ড্র’ হয়। আটাইকেইটা দলে ১ পইণ্টকৈ লাভ কৰে।
Site Admin | January 24, 2026 8:25 PM | Akashvani | Akashvani News | Santosh Trophy
৭৯ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অনুষ্ঠিত গ্রুপ-বিৰ তিনিওখন খেলে অমীংমাসিত হৈ ৰয়