ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে জেনেৰেল অনিল চৌহানৰ সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা

Chief of Defence staff জেনেৰেল অনিল চৌহানে ৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুৰববীগৰাকীয়ে এটা বৰ্তাত কয়, যে এই দিনটোৱে সেনা বাহিনীৰ অদম্য সাহস, কর্তব্য নিষ্ঠা আৰু পেছাদাৰিত্বক উদ্‌যাপন কৰে। তেওঁ লগতে কয়, যে দেশৰ নিৰাপত্তা আৰু একতাৰ ক্ষেত্ৰত সেনা বাহিনী মূল আধাৰ হিচাপে থিয় দি আহিছে। বৰ্তমান সময়ত যুদ্ধৰ পৰিৱৰ্তিত প্ৰেক্ষাপট আৰু প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰত আলোকপাত কৰি জেনেৰেল চৌহানে কয়, যে উন্নত প্রযুক্তি আৰু ভূ-ৰাজনৈতিক ব্যৱস্থাৰ সাল সলনিৰ ফলস্বৰূপে আধুনিক যুদ্ধৰ শৈলী দ্রুতগতিত বৃদ্ধি পাইছে। এই ক্ষেত্ৰত আনতকৈ আগবাঢ়ি থাকিবৰ বাবে সেনা বাহিনীয়ে ইয়াৰ ৰণনীতি আৰু যুদ্ধ কৌশলৰ ক্ষেত্ৰত প্ৰযুক্তিগতভাৱে শক্তিশালী হব লাগিব বুলি শ্রীচৌহানে প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।