৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টানিঅ লুইছ ছেণ্ট’ছ দ্যা কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উচুলা ভান দাৰ লেয়েন উপস্থিত থাকিব

সমাগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টানিঅ লুইছ ছেণ্ট’ছ দ্যা কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উচুলা ভান দাৰ লেয়েন উপস্থিত থাকিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণ মর্মে এই দুয়োগৰাকী নেতাই ২৫ জানুৱাৰীৰ পৰা তিনি দিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্ৰমণৰ কালছোৱাত ২৭ জানুৱাৰী তাৰিখে ভাৰত-ইউৰোপীয় ইউনিয়নৰ ১৬ সংখ্যক সন্মিলনতো এই নেতা দুগৰাকীয়ে অংশগ্ৰহণ কৰিব। দুয়োগৰাকী ইউৰোপীয় নেতাই ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুকো সাক্ষাৎ কৰি প্রধানমন্ত্রী মোদীৰ সৈতে প্রতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ’ব। বৈদেশিক পৰিক্ৰমা মগ্ন্যালয়ে জনোৱা অনুসৰি ভাৰত আৰু ইউৰোপীয় সংঘ ২০০৪ চনৰ পৰাই কৌশলগত অংশীদাৰ হৈ আহিছে। উল্লেখযোগ্য যে, ১৫ সংখ্যক ভাৰত ইউৰোপীয় সংঘৰ সন্মিলন ২০২০ চনৰ ১৫ জুলাইত ভার্চুৱেলী অনুষ্ঠিত হৈছে। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ইউৰোপীয়ান কলেজ অব কমিছনাৰ্ছ অর্থাৎ ২৭ খন ইউৰোপীয় দেশৰ আয়ুক্তসকলক লৈ গঠন কৰা সংঘৰ ঐতিহাসিক ভাৰত ভ্ৰমণৰ পিছতেই দ্বিপাক্ষিক সম্পৰ্ক অধিক সম্প্ৰসাৰিত আৰু গাঢ় হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে কয়, যে ৭৭ সংখ্যক গণৰাজ্য দিৱসত ইউৰোপীয়ান নেতাই অংশগ্ৰহণ কৰি ভাৰত আৰু ইউৰোপৰ মাজৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক মজবুত হ’ব আৰু পাৰস্পৰিক সহযোগিতাৰ বিষয়সমূহ আগবঢ়াই নিয়াত সহায়ক হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।