৬ ফেব্ৰুৱাৰীত গুৱাহাটীত মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণৰ আৰম্ভণি

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ পুঁজি বিতৰণ অহা ৬ ফেব্ৰুৱাৰীত গুৱাহাটীত আৰম্ভ কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই আঁচনিৰ অধীনত ৰাজ্যৰ ৭৫ হাজাৰ যুৱকে আত্মসংস্থাপনৰ বাবে ২ লাখ টকাকৈ লাভ কৰিব। সমগ্ৰ ৰাজ্যত ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত এই আঁচনিৰ পুঁজি বিতৰণ সম্পূৰ্ণ কৰা হ’ব বুলিও তেওঁ কয়।