বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৬ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে স্পেইন, পৰ্টুগাল আৰু ব্ৰাজিললৈ ৰাওনা হৈছে। মন্ত্ৰীগৰাকীয়ে স্পেইন ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিত্ত সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব ৷ নতুন আৰু বৰ্তমানৰ সমস্যা বহনক্ষম বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়োজনীয়তা আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় গাঁথনিৰ সংস্কাৰ সাধনৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে এই সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক মঞ্চৰ নেতাসকলৰ সন্মিলনত ভাষণ দিব। শ্ৰীমতী সীতাৰমনে জার্মানী, পেৰু আৰু নিউজিলেণ্ডৰ কেইবাগৰাকীও মন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে ইউৰোপীয় বিনিয়োগ বেংকৰ অধ্যক্ষগৰাকীৰ সৈতেও মিলিত হ’ব।
পৰ্টুগাল ভ্ৰমণৰ সময়ত তেওঁ দেশখনৰ বিত্তমন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল’ব। ইয়াৰ পাছতে প্ৰখ্যাত বিনিয়োগকাৰী আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। ব্রাজিল ভ্ৰমণৰ সময়ত শ্ৰীমতী সীতাৰমনে নিউ ডেভেলপমেণ্ট বেংকৰ দশম বাৰ্ষিক বৈঠক সম্বোধন কৰিব। তেওঁ ৰিঅ’ডা জেনেৰিঅ’ত প্ৰথম ব্ৰিছৰ বিত্তমন্ত্ৰীসকল আৰু চেণ্ট্ৰল বেংকৰ অধ্যক্ষসকলৰ বৈঠকতো ভাগ ল’ব।
Site Admin | June 30, 2025 7:39 PM | Akashvani Guwahati | FM Nirmala Sitharaman
৬ দিনীয়া চৰকাৰী কাৰ্যসূচীৰে স্পেইন, পৰ্টুগাল আৰু ব্ৰাজিললৈ ৰাওনা বিত্তমন্ত্ৰী সীতাৰমণ
