May 13, 2024 6:09 PM | Quotas oylmpic

printer

৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাৰ পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন

আসন্ন পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্রহণ কৰিব। ইয়াৰে ভিতৰত ৫ গৰাকী মহিলা মল্লযোদ্ধা আছে। অমন ছহৰাবট আৰু নিশা দাহিয়াই তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত বিশ্ব অলিম্পিক মল্লযুদ্ধ কোৱালিফায়াৰ প্ৰতিযোগিতাত ভাৰতৰ ক’টাৰ সংখ্যা ৬ লৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে ৱিনেশ ফ’গাটে ৫০ কিলোগ্রাম, অন্তিম পংঘালে ৫৩ কিলোগ্রাম, অংশু মালিকে ৫৭ কিলোগ্রাম আৰু ৰীতিকা হুডাই ৭৬ কিলোগ্রাম ওজন শাখাত পেৰিচ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছিল। ইস্তানবুল প্রতিযোগিতা মল্লযোদ্ধাসকলৰ বাবে পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ অন্তিম প্রতিযোগিতা আছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।