অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ কালি ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়। শ্রীবৈশ্যই কয় যে এই ছটা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু সেয়েহে জনজাতিকৰণৰ সকলো যোগ্যতা তেওঁলোকৰ আছে। বিৰোধী দল কংগ্ৰেছে সাংসদজনৰ এই বক্তব্যৰো তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে ৰাজ্যৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ বাবে গঠিত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত কাইলৈ অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আলোচনাত মিলিত হ’ব। এই আলোচনাকালত জনজাতীয় সংগঠনসমূহৰ ওজৰ-আপত্তিসমূহ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ইয়াৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ’ব ।
ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।
Site Admin | December 3, 2025 12:03 PM | Akashvani | Akashvani News | Rajya Sabha
৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সহমর্মিতাৰে বিবেচনা কৰিবলৈ ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আহ্বান