৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ সমন্বয়ৰক্ষী সমিতিৰ দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনা

ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনক লৈ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আজি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীগোটৰ অধ্যক্ষ ডা০ ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হয়। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ মাজত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা সম্পৰ্কেও আজিৰ বৈঠকত আলোচনা কৰা হয়। বৈঠকত ডা০ পেগুৱে মন্ত্রীগোটে জনোৱা অনুমোদনৰ উপৰি ইতিমধ্যে তালিকাভুক্ত অনুসূচীত জনজাতিৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত ৰক্ষাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰে। তেওঁ সমন্বয়ৰক্ষী সমিতিক মন্ত্রীগোটৰ প্ৰতিবেদনৰ পঞ্চম আৰু ষষ্ঠ দুয়োটা অধ্যায় পৃথকে পৃথকে পঢ়াৰ পৰিৱৰ্তে সমন্বিতৰূপত পঢ়িবলৈ আহ্বান জনায়। সমিতিখনে এই সন্দৰ্ভত নিজাববীয়াকৈ এটা বিশেষজ্ঞ গোট গঠন কৰি এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি অৱগত কৰে। সমিতিৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰী আৰু এবছুৰ সভাপতি দীপেন বড়োৱে এই প্রতিবেদন সন্দৰ্ভত কিছু পৰামৰ্শ আৰু আপত্তিও দাখিল কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।