January 14, 2026 9:24 PM | cm mmua

printer

৫ ফেব্ৰুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

৫ ফেব্ৰুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ডিফুত ২৫ হাজাৰ মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ আত্মসহায়ক গোটৰ মুঠ ৩২ লাখ মহিলাই আঁচনিখনৰ ধন লাভ কৰিব। তেওঁ কয় যে প্ৰাৰম্ভিক ধনৰাশি সঠিকভাৱে ব্যৱহাৰ কৰা মহিলা সকলে পৰৱৰ্তী পৰ্যায়ত ক্ৰমে ২৫ আৰু ৫০ হাজাৰ টকাকৈ লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচ’ৰ আমৰি বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত সমষ্টিটোৰ প্ৰায় ১৪ হাজাৰ মহিলাক উদ্যমিতা পুঁজিৰূপে ১০ হাজাৰকৈ টকা আগবঢ়োৱা হয়। কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তথা ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰছিং টিছো অনুষ্ঠানত উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।