January 31, 2025 3:25 PM

printer

৫ দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত

অসমৰ বজালী জিলাৰ পাঠশালাত আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যৰ বৃহত্তম সাহিত্যৰ অধিবেশন–অসম সাহিত্য সভাৰ দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি তথা অসমৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি পুৱা পাঠশালা সাহিত্য সভাৰ ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰে। ইয়াৰ পাছতে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্রযোজক কৃষ্ণ ৰয়ে এটা খৰ্গযুক্ত গঁড়ৰ আকৃতিত নিৰ্মাণ কৰি উলিওৱা অধিবেশনৰ মূল তোৰণ উদ্বোধন কৰে।