ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 29, 2025 10:45 AM | BPF | BTC election

printer

৫ অক্টোবৰত কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ শপতগ্রহণ

বিটিচি নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ দলে কালি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালগৰাকীক কৰা সাক্ষাতৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে অহা তিনি অক্টোবৰত কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত দলটোৱে শপত গ্রহণ কৰিব। এই অনুষ্ঠানত ৰাজ্যপালগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰিষদীয় চৰকাৰত বি জে পি আৰু ইউ পি পি এলৰ সদস্য থাকিবনে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰী মহিলাৰীয়ে কয়, যে কোনো দলে সমর্থন জনালে আদৰণি জনোৱা হ’ব। এই সন্দৰ্ভত দলীয় সদস্যসকলৰ সৈতে আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। বিপিএফৰ মুৰববীগৰাকীয়ে তেওঁৰ দলৰ বিজয়ী প্রার্থীসকলৰ সৈতে কালি সন্ধিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। তেওঁ মুখ্যমন্ত্ৰীগৰাকীক ৫ অক্টোবৰত কোকৰাঝাৰত হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। ড০ শৰ্মাই বিপিএফ দলৰ এই নতুন যাত্ৰাৰ বাবে আটাইলৈ অভিনন্দন জনায়। ইপিনে, ইউ পি পি এল দলৰ মুৰববী প্রমোদ বড়োৱে কালি ৰাজ্যপাল শ্রী আচার্যক সাক্ষাৎ কৰি পদত্যাগ পত্র দাখিল কৰে।