November 28, 2025 12:39 PM | iffi

printer

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ আজি সামৰণি

গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ আজি সামৰণি পৰিব। মহোৎসৱৰ আজি অন্তিম দিনা ফ্রান্স, ছিংগাপুৰ আৰু থাইলেণ্ডৰ যুটীয়া প্রযোজনাৰে নিৰ্মিত থাই ভাষাৰ চিনেমা এ ইউজফুল ঘোষ্ট প্ৰদৰ্শন কৰা হ’ব।

কালি মহোৎসৱৰ কলা একাডেমীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত এখন গুৰুত্বপূর্ণ আলোচনাচক্রত অঞ্চলটোৰ কেইবাগৰাকীও চলচ্চিত্র নির্মাতাই অংশ লয়। ডমিনিক চাংমাই পৰিচালনা কৰা আলোচনা চক্ৰখনত চলচ্চিত্ৰ নিৰ্মাণৰ খ্যাতিসম্পন্ন সংস্থাৰ পৰা প্ৰশিক্ষণপ্রাপ্ত উত্তৰ-পূৰ্বাঞ্চলৰ নতুন প্ৰজন্মৰ চলচ্চিত্র নির্মাতাসকলে কিদৰে ছবি নিৰ্মাণৰ ক্ষেত্ৰত সম্পৰীক্ষা কৰিছে এই বিষয়ে আলোচনা কৰা হয়।

এইবাৰৰ মহোৎসৱত ৮১ খন দেশৰ ২৪০ খনৰো অধিক চলচ্চিত্র প্রদর্শনৰ ব্যৱস্থা কৰা হয়। মহোৎসৱৰ কেন্দ্ৰীয় ৰাষ্ট্র জাপানৰ ৭ খন ছবি আৰু সহযোগী ৰাষ্ট্ৰ স্পেইনৰ ৪খন ছবি এইবাৰ প্ৰদৰ্শন কৰা হৈছে। যোৱা ২০ নৱেম্বৰত এই মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছিল।