ডাউনলোড
মোবাইল এপ

android apple
signal

August 12, 2025 8:21 PM | Verdict

printer

৫জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বঙাইগাঁৱৰ বিশেষ ন্যায়াধীশৰ আদালতৰ

বঙাইগাঁৱৰ বিশেষ ন্যায়াধীশৰ আদালতে আজি ৫ জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বিহে। বিশেষ ন্যায়াধীশ মৌচুমী দে’ৰ আদালতে ২০১২ চনত ৩ জন লোকক আক্ৰমন কৰা ঘটনাৰ সৈতে জড়িত এই ৫ জন অভিযুক্তক ১৫ হাজাৰ টকাকৈ জৰিমণা বিহাৰ লগতে আজীৱন কৰাৰাদণ্ডৰ ৰায় দিয়ে। উল্লেখযোগ্য যে ২০১২ চনৰ ২২ জুলাইত চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত হাচৰাওবাৰীত ৩ জন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি এই লোককেইজনে গুৰুতৰভাৱে আহত কৰিছিল। ইয়াৰে এজন লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। ঘটনাৰ সন্দৰ্ভত ৭ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ৫ জনক কৰায়ত্ত কৰা হৈছিল। অভিযুক্তকেইজনৰ এজন পলাতক অৱস্থাত থকাৰ লগতে আনজনৰ মৃত্যু হৈছিল। আজি আদালতে এই ৫ জন অভিযুক্তক শাস্তিৰ ৰায় দিয়ে।