আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁক বিমান বন্দৰত আদৰণি জনায়। সেই স্থানতেই অভ্যাগত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ উদ্দেশ্যে গার্ড অব অনাৰৰ আয়োজন কৰা হয়। শ্ৰী ভান্সৰ সৈতে আমেৰিকাৰ দ্বিতীয় মহিলা ঊষা ভান্স আৰু মাৰ্কিন প্রশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ সদস্যও ভাৰতলৈ আহিছে। নতুন দিল্লীত উপস্থিত হৈ ইতিমধ্যে অক্ষধাম মন্দিৰ দৰ্শন কৰা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজি সন্ধিয়া প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ জয়পুৰ আৰু আগ্রাও ভ্ৰমণ কৰিব।উল্লেখযোগ্য যে এয়া হ’ল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথমটো ভাৰত ভ্ৰমণ। তেওঁৰ এই ভ্রমণে দুয়োখন দেশকেই পাৰস্পৰিক দ্বিপাক্ষিক সম্পৰ্কৰ লগতে যোৱা ১৩ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰকাশ পোৱা ভাৰত-আমেৰিকা যুটীয়া বিবৃতিৰ ব্যৱস্থাৱলী কাৰ্যকৰী কৰাৰ বিষয়টো পর্যালোচনা কৰাৰো সুযোগ প্ৰদান কৰিব। শ্রীভান্সৰ এই ভ্ৰমণৰ সময়তে উভয় দেশৰ আঞ্চলিক বিষয়সমূহৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহক লৈও মত-বিনিময় কৰা হ’ব বুলি প্ৰকাশ পাইছে।
Site Admin | April 21, 2025 3:14 PM | Akashvani News | US Vice President JD Vance | USA
৪ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স
