৪ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে আজি অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্ৰীকেইগৰাকীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। এই সম্প্ৰসাৰণৰ জৰিয়তে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাক নতুনকৈ মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা প্রশান্ত ফুকনে ডিব্ৰুগড় সমষ্টিৰ পৰা ৪ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। তেঁও অসম উদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদতো নিয়োজিত আছিল। একেদৰে পাথাৰকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰা নৱনিযুক্ত মন্ত্রী কৃষ্ণেন্দু পালে সমষ্টিটোৰ পৰা ২০১৬ আৰু ২০২১ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। আনগৰাকী মন্ত্ৰী কৌশিক ৰায় লক্ষীপুৰ সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ডুমডুমা সমষ্টিৰ বিধায়ক নৱনিযুক্ত মন্ত্ৰী ৰূপেশ গোৱালাইও প্ৰথমবাৰৰ বাবে সমষ্টিটোৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছে। আজি সন্ধিয়াৰ ভিতৰত মন্ত্ৰীসকলৰ বিভাগসমূহ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।