ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৪৪৬ বিধ পখিলাৰ প্ৰজাতিৰে দেশৰ দ্বিতীয়খন পখিলাৰ বৈচিত্ৰ্য কেন্দ্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৪৪৬ বিধ পখিলাৰ প্ৰজাতিৰে দেশৰ দ্বিতীয়খন পখিলাৰ বৈচিত্ৰ্য কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। অৰুণাচল প্ৰদেশৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ পাছতে কাজিৰঙাৰ এই স্থান দখলে পখিলাৰ বিভিন্ন প্ৰজাতিৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰে হৈছে। যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা পখিলা সংৰক্ষণ সন্মিলন ২০২৪ৰ সময়ছোৱাত কাৰ্বি আংলং আৰু কাজিৰঙাৰ বিভিন্ন স্থানত বিশেষকৈ পানবাৰী সংৰক্ষিত বনাঞ্চলত মুঠ ৮৫ বিধ পখিলা প্ৰজাতিৰ পৰ্যবেক্ষণ কৰা হৈছিল । কাজিৰঙাত পখিলা সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধিৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই সন্মিলনে অঞ্চলটোত পখিলা প্ৰজাতিৰ সমৃদ্ধ বৈচিত্ৰৰ ওপৰত আলোকপাত কৰি এইক্ষেত্ৰত অধিক গৱেষণা, নিৰীক্ষণ আৰু সুৰক্ষা সন্দৰ্ভত লোৱা বিভিন্ন ব্যৱস্থাসমূহ শক্তিশালী কৰি তোলাত গুৰুত্ব আৰোপ কৰে । ইপিনে বৰ্তমানলৈকে কাজিৰঙালৈ ১১ হাজাৰ ৪৫ গৰাকী দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটিছে বুলি উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰ মাত্র ১৫ দিনৰ ভিতৰতে ২৪ লাখতকৈও অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। কেৱল জীপ ছাফাৰীৰ জৰিয়তে বন বিভাগে দেশী-বিদেশী পৰ্যটকৰ পৰা এই ৰাজহ সংগ্ৰহ কৰিছে। অহা ১ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ ছাফাৰী আৰম্ভ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।