৪১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা মন্ত্রী পীয়ূষ হাজৰিকাৰ

ধেমাজি জিলাৰ জোনাই অঞ্চলত বান সমস্যা নিয়ন্ত্ৰণৰ কাৰণে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই আজি প্রায় ৪১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ মাজেৰে বৈ যোৱা চিয়াং লালী নদীৰ খহনীয়া ৰোধ কৰিবলৈ বেৰাচাপৰিৰ পৰা চেঙাজানলৈ এই মথাউৰিটো নিৰ্মাণ কৰা হ’ব। জোনাইৰ গালিঘাটত মথাউৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান সমস্যা নিয়ন্ত্ৰণ কৰি ভূমি আৰু জনজীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে এই মথাউৰিৰ পৰৱৰ্ত্তী ২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণ কাৰ্য অচিৰেই আৰম্ভ কৰা হ’ব বুলিও মন্ত্ৰী শ্ৰীহাজৰিকাই জানিবলৈ দিয়ে।
একেদৰে, মাজুলী জিলাতো সোঁৱণশিৰি নৈৰ বাঁওপাৰে চানং কলনীৰ পৰা লুইত খাবলু ঘাটলৈ নিৰ্মাণ কৰিবলগীয়া প্ৰায় ২৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ১৭ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ এটা মথাউৰিৰো আজি আধাৰশিলা স্থাপন কৰা হয়। এই মথাউৰিয়ে বিশ্বজুৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তথা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত সহায়ক হ’ব৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।