অসম চৰকাৰে ৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক আজি নিযুক্তি পত্র প্রদান কৰে। তৃণমূল পৰ্যায়ৰ পৰা মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই নিযুক্তি প্ৰদান কৰা হৈছে। এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্রেক্ষাগৃহত আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। নিজৰ ভাষণত তেওঁ কয় যে নৱনিযুক্ত বিষয়াসকলে চৰকাৰী চাকৰি লাভৰ সপোন বাস্তৱায়িত কৰাৰ লগতে উন্নত স্বাস্থ্য সেৱা প্ৰদানত সহায় কৰিব। বিগত কেইবছৰমানত স্বাস্থ্য সেৱাৰ দিশত লাভ কৰা সাফল্য হিচাপে প্ৰসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস হৈছে বুলি ড০ শৰ্মাই উল্লেখ কৰে। ২০২৯ চনৰ ভিতৰত অসমত ৩০খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি ৰাজ্যখনক চিকিৎসা আৰু স্বাস্থ্য সেৱাৰ দিশত শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয় যে ৰাজ্যত ছখনৰ পৰা ১৩খনলৈ চিকিৎসা মহাবিদ্যালয় বৃদ্ধি পোৱাৰ ফলত সুলভ হাৰত স্বাস্থ্য সেৱা প্ৰদানৰ সুবিধা হৈছে। এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে ব্যক্তিগত চিকিৎসালয়সমূহৰ সেৱা প্ৰদান ব্যৱস্থাত কিছু সংশোধন কৰাৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰে। তেওঁ কয় যে এনে চিকিৎসালয়সমূহে টকা- পইচা আদায় আদায় দিব নোৱাৰাৰ বাবে মৃতদেহ আৰু ৰোগীক যাতে ৰখাই থ’ব নোৱাৰে তাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত ল’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তদুপৰি এই সন্দৰ্ভত সহায়ৰ বাবে এটা কল চেণ্টাৰ স্থাপন কৰিবলৈ স্বাস্থ্য মন্ত্ৰীক কোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। অসুবিধাৰ সন্মুখীন হোৱা লোকে কল চেণ্টাৰলৈ ফোন কৰিলে আৰক্ষীয়ে ততালিকে সংশ্লিষ্ট চিকিৎসালয়ত উপস্থিত হৈ ৰোগী নাইবা মৃতদেহ পৰিয়ালক গতাই দিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে চিকিৎসকসকলক ভাট্টাকে ধৰি বিভিন্ন সা-সুবিধা প্ৰদানৰ চিন্তা-চৰ্চা কৰা হৈছে বুলিও ড০ শৰ্মাই জানিবলৈ দিয়ে। আজিৰ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলো উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে যোৱা ৫ জুন পর্যন্ত এক লাখ ২০,৩৫৯ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তি প্ৰদান কৰিছে।
Site Admin | June 18, 2025 8:26 PM | CM Appointment
৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক ৰাজ্য চৰকাৰৰ নিযুক্তি পত্র প্রদান
