৩ দিনীয়া ভ্রমণসূচীৰে দেওবাৰে ভাৰতলৈ আহিব ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকা

ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনি লিগামামাদা ৰাবুকা অহা দেওবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত শ্ৰী ৰাবুকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ’ব। শ্রী মোদীয়ে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মানার্থে মধ্যাহ্ন ভোজমেলৰ আয়োজন কৰিব। শ্ৰী ৰাবুকাই নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। তেওঁ নতুন দিল্লীৰ ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদত শান্তিৰ মহাসাগৰ সন্দৰ্ভত ভাষণ দিব। এই ভ্ৰমণকালত ভিজিৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দেশখনৰ স্বাস্থ্য আৰু চিকিৎসাসেৱা মন্ত্ৰী ৰাতু এট’নিঅ’ লালাবালাভু আৰু আন কেইবাগৰাকী শীৰ্ষ বিষয়াও ভাৰতলৈ আহিব। প্রধানমন্ত্ৰী ৰাবুকাৰ এই ভ্রমণে ভাৰত আৰু ফিজিৰ মাজৰ দীৰ্ঘদিনীয়া সম্পৰ্ক সুদৃঢ় কৰা লগতে বিভিন্ন খণ্ডত থকা দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।