February 7, 2025 9:24 PM | Modi | PM Modi

printer

৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ দিনীয়া ভ্রমণসূচীৰে অহা সোমবাৰে ফ্ৰান্সলৈ ৰাওনা হ’ব। এই ভ্রমণ কালত শ্ৰীমোদীয়ে পেৰিচত হ’বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ সৈতে সহ-অধ্যক্ষতা কৰিব। আজি নতুন দিল্লীত বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কথা জানিবলৈ দি কয় যে শ্রীমোদীয়ে অহা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।