● অহা ৩ ডিচেম্বৰত আৰক্ষীৰ উপ-পৰিদৰ্শক, কনিষ্টবল, কামাণ্ডোৰ পৰীক্ষাত উত্তীর্ণ প্রার্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয়, যে এ ডি আৰ ইত উত্তীর্ণ প্রার্থীসকলো শীঘ্ৰেই নিযুক্তি পত্ৰ প্ৰদান কৰিব। মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰতিমাহে তেওঁলোকক ৩০০ টকাকৈ প্ৰদানৰ প্ৰক্ৰিয়া ২৮ নৱেম্বৰত আৰম্ভ হ’ব। তদুপৰি, ১২ ডিচেম্বৰৰ পৰা বি টি আৰৰ লোকসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
অসম মন্ত্রীসভাই কালি ৰাজ্যখনৰ বিৰল সম্পদ হিচাপে লণ্ডনৰ পৰা ৰাজ্যখনলৈ প্ৰদৰ্শনৰ বাবে আনিবলগীয়া বৃন্দাবনী বস্ত্র সংগ্রহালয় নির্মাণ সন্দৰ্ভত বিশেষ সিদ্ধান্তত অনুমোদন জনায়। এই সম্পদৰ সঠিক সংৰক্ষণ আৰু ৰাজহুৱা প্ৰদৰ্শন সুনিশ্চিত কৰিবলৈ অত্যাধুনিক সংগ্ৰহালয় স্থাপনৰ বাবে খানাপাৰাৰ চৰকাৰী মুগা ক্ষেত্ৰৰ ভূমি সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ হস্তান্তৰ কৰাৰ প্ৰস্তাৱত মন্ত্রীসভাই অনুমোদন জনাইছে। জে এছ ডব্লিউ গ্ৰুপৰ সহযোগত নিৰ্মাণ হ’বলগীয়া এই সংগ্ৰহালয়ৰ বাবে পূৰ্বে ১ বিঘা ভূমি আৱণ্টন দিয়া হৈছিল যদিও কালি মন্ত্রীসভাই এই ভূমিৰ পৰিমাণ ৩ বিঘালৈ বৃদ্ধি কৰে। মন্ত্রীসভাই কালি গুৱাহাটীৰ দক্ষিণ গাওঁস্থিত অসম জৰীপ আৰু বন্দবস্তি প্রশিক্ষণ কেন্দ্ৰৰ শিক্ষকৰ সেৱা বৃদ্ধি ২০২৫তো অনুমোদন জনায়।