ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 24, 2025 1:01 PM | Junior Athletics

printer

৩৬ সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্রতিযোগিতাত অসমৰ সুন্দৰ প্ৰদৰ্শন

ঝাৰখণ্ডৰ ৰাঁছীত অনুষ্ঠিত ৩৬ সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্রতিযোগিতাত অসমে সুন্দৰ প্ৰদৰ্শনেৰে এইপর্যন্ত ২৫টা পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাখনৰ প্ৰথম দিনা ১৪টা পদক অৰ্জন কৰা অসমে কালি দ্বিতীয় দিনা ৪টা সোণ, ৩টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। কালি অসমৰ হৈ ১৮ বছৰ অনুৰ্ধৰ ল’ৰাৰ ৫ হাজাৰ মিটাৰ খোজকঢ়াত ফিদৌচ আলম, লং জাম্পত জ্যোতিষ্মান বৰুৱা, ১৮ বছৰ অনুৰ্ধৰ ছোৱালীৰ ৩ কিলোমিটাৰ খোজকঢ়াত সূপৰ্ণা দাস আৰু ৪x১০০ মিটাৰ ৰীলে দৌৰত অসমে সোণৰ পদক অৰ্জন কৰে। ১৬ বছৰ অনুৰ্ধৰ ছোৱালীৰ ৬০০ মিটাৰ দৌৰত ধৃতিমা উজিৰ, ২০ বছৰ অনুৰ্ধৰ ছোৱালীৰ ১৫০০ মিটাৰ দৌৰত পাহী কেওট আৰু ১৬ বছৰ অনুৰ্ধৰ পেণ্টাথলনত হাদমগৌড়া ব্ৰহ্মই ৰূপৰ পদক লাভ কৰে। আনহাতে ১৬ বছৰ অনুৰ্ধৰ ল’ৰাৰ লং জাম্পত মৃদুল হুছেইন, ২০ বছৰ অনুৰ্ধৰ ল’ৰাৰ ১১০ মিটাৰ হাৰ্ডলছত বিকাশ নাথ, ৪০০ মিটাৰ দৌৰত মুন্না কুমাৰ ব্ৰহ্ম আৰু ছোৱালীৰ লং জাম্পত মেঘালী বুঢ়াগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়।