ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

৩১ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ৩১ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব। পূর্বে উদ্যান কর্তৃপক্ষই ১৫ মে’ত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীপ চাফাৰী বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল যদিও পাছত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মে’ পর্যন্ত এই সময়সীমা বৃদ্ধি কৰা হয়। ইতিমধ্যে যোৱা পহিলা মে’ৰ পৰা উদ্যানখনত হাতী চাফাৰী বন্ধ কৰি দিয়া হৈছে। উল্লেখযোগ্য যে ২০২৩-২৪ পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। এই পর্যটন বৰ্ষটোত বৰ্তমানলৈকে ৩০ হাজাৰ ৯১৯ গৰাকী বিদেশী পর্যটককে ধৰি ৩ লাখ ২৭ হাজাৰ ৪৯০ গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰাৰ তথ্য লাভ কৰা হৈছে। এই সময়ছোৱাত উদ্যান কর্তৃপক্ষই ৮ কোটি ৮০ লাখ টকাৰ ৰাজহ লাভ কৰিছে। আনহাতে, মানাহ ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ বাবে অহা ২০ মে’ৰ পৰা হাতী চাফাৰী আৰু ৰিভাৰ ৰাফ্‌টিং বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। অৱশ্যে জীপ চাফাৰী অহা ৫ জুনলৈকে খোলা থাকিব। ইফালে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানো অহা ১৫ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।