৩দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কাইলৈ ৰাছিয়াত উপস্থিত হ’ব। এই ভ্ৰমণকালত তেওঁ ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী আন্দ্ৰে বেলোছ’ভৰ সৈতে মস্কোত যুটীয়াভাৱে সামৰিক আৰু সামৰিক প্ৰযুক্তি সহযোগিতা সম্বন্ধীয় ২১ সংখ্যক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰ আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। মন্ত্ৰী দুগৰাকীয়ে সামৰিক আৰু ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত থকা বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰিব। পাৰস্পৰিক স্বার্থজড়িত সমসাময়িক আঞ্চলিক আৰু বিশ্বত চলি থকা বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰিব। ভ্রমণসূচীৰ অংশ হিচাপে ৯ ডিচেম্বৰত কালিনিনগ্রাডত শ্রীসিঙে ভাৰতীয় নৌবাহিনীৰ আই এন এছ টুছিলৰ অন্তৰ্ভুক্তি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মস্কোত থকা স্মাৰকত দ্বিতীয় বিশ্বযুদ্ধত শ্বহীদ হোৱা ছোভিয়েট সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। মস্কোত থকা প্রবাসী ভাৰতীয়সকলৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মত-বিনিময় অনুষ্ঠানত ভাগ ল’ব।