প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২ ছেপ্তেম্বৰত নতুন দিল্লীত ছেমিকন ইণ্ডিয়া ২০২৫ৰ চতুৰ্থ সংস্কৰণ মুকলি কৰিব। তিনিদিনীয়াকৈ হ’বলগীয়া এই অনুষ্ঠানত মাইক্ৰ’ ইলেকট্ৰনিকছ আৰু ছেমি কণ্ডাক্টৰৰ মূল্য শৃংখলত দেশৰ ক্ৰমবৰ্ধমান সামৰ্থ আৰু উচ্চাকাংক্ষাক প্ৰতিফলিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। নতুন দিল্লীত কালি অনুষ্ঠিত এখন সংবাদ মাধ্যমক সম্বোধন কৰি ইলেকট্রনিক আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনে কয়, যে প্রথমবাৰৰ বাবে এই প্ৰদৰ্শনীত জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু মালয়েছিয়াৰ দৰে আন্তঃৰাষ্ট্ৰীয় পেভেলিয়নসমূহৰো প্ৰদৰ্শন কৰা হ’ব। তেওঁ কয়, যে বিশ্বৰ ১৮ খন দেশৰ প্ৰায় ৩৫০টা প্রদর্শনীমূলক কোম্পানীয়ে নিজৰ সামগ্ৰীৰ প্ৰদৰ্শন কৰিব। শ্রীকৃষ্ণনে লগতে কয়, যে এই অনুষ্ঠানত দেশৰ ৯ খন ৰাজ্যই অংশগ্ৰহণ কৰিব।
ছেমিকন ইণ্ডিয়া ২০২৫ৰ লক্ষ্য হৈছে বিশ্বব্যাপি সহযোগিতাৰ মাধ্যম হিচাপে কাম কৰাৰ লগতে থলুৱা উদ্ভাৱনক সমৰ্থন কৰা আৰু ভাৰতৰ ভূমিকাক বিশ্বাসযোগ্য তথা প্রতিযোগিতামূলক ইলেকট্রনিকছ উৎপাদন কেন্দ্ৰ হিচাপে শক্তিশালী কৰা। ই বিশ্বমানৰ ছেমি কণ্ডাক্টৰ উদ্যোগ গঢ়ি তোলাৰ দিশত দেশৰ শক্তিশালী প্ৰচেষ্টাক প্ৰতিনিধিত্ব কৰিব ।
Site Admin | August 23, 2025 1:43 PM | Semicon India 2025
২ ছেপ্তেম্বৰত নতুন দিল্লীত ছেমিকন ইণ্ডিয়া ২০২৫ৰ চতুৰ্থ সংস্কৰণ মুকলি
