ডাউনলোড
মোবাইল এপ

android apple
signal

২ আৰু ৭ মে’ত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনৰ ব্যাপক প্রস্তুতি

অহা ২ আৰু ৭ মে’ত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে। নগাওঁ জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আজি জিলাখনৰ নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় দুখনত স্থাপন হবলগীয়া ষ্ট্ৰং ৰূম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে নির্বাচনী প্রক্রিয়া শৃংখলিতভাৱে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ নগাওঁ চহৰৰ নেহৰুৱালী খেলপথাৰত স্থাপন হ’বলগীয়া পৰিবহন কোষৰ স্থানসমূহ পৰিদৰ্শন কৰে। জিলাখনত নিৰ্বাচনৰ বাবে ৫ গৰাকী সাধাৰণ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। তেওঁলোকে নিৰ্বাচনৰ বাবে গঠন কৰা প্ৰতিটো কোষৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা নিৰ্বাচনৰ প্ৰস্তুতি আৰু কাম-কাজৰ বুজ লৈছে। আজি জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত এই উপলক্ষে এখন বৈঠক অনুষ্ঠিত হয়।

ডিব্ৰুগড় জিলাত এই নির্বাচন স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰিবৈ ৰাজ্যিক নির্বাচন আয়োগে জিলাখনত ৫ গৰাকী সাধাৰণ পৰ্যবেক্ষক নিয়োগ কৰিছে। ইয়াৰে ৪ গৰাকী পর্যবেক্ষকে জিলাখনত উপস্থিত হৈ বিভিন্ন কোষৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্বাচনী কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। সাধাৰণ পৰ্যবেক্ষকক নির্বাচন সংক্রান্তীয় ওজৰ আপত্তি দাখিলৰ বাবে যোগাযোগৰ নম্বৰো মুকলি কৰা হৈছে। জিলাখনত প্ৰথম পৰ্যায়ত হবলগীয়া নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়নৰ পৰীক্ষণ সমাপ্ত হৈছে। পৰীক্ষণৰ অন্তত ২২ খন জিলা পৰিষদৰ সদস্য পদৰ বাবে ৫৫ গৰাকী, ৭ খন আঞ্চলিক পঞ্চায়তৰ বাবে ২২১ গৰাকী, ৯৩ খন গাওঁ পঞ্চায়তৰ ৯৩০ টা ৱাৰ্ড সদস্যৰ বাবে ২ ২৯০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। এই নিৰ্বাচনৰ বাবে জিলাখনত ৫২ গৰাকী চেক্টৰ বিষয়া, আৰু ২২ গৰাকী জনেল বিষয়া নিয়োগ কৰাৰ উপৰি ১১৬৫ গৰাকী প্রিজাইডিং আৰু ৪৬৬০ গৰাকী পোলিং বিষয়া নিয়োগ কৰা হ’ব । মুঠ ১১৬৫ টা ভোটগ্রহণ কেন্দ্ৰত হ’বলগীয়া ভোটগ্রহণত ৮ লাখ ৭১ হাজাৰ ৯৭৫ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। যোৰহাট জিলাত আজি আয়ুক্ত জয় শিৱানিয়ে নির্বাচনৰ ষ্ট্ৰং ৰূম স্থাপন কৰিবলগীয়া স্থান পৰিদৰ্শন কৰি যাৱতীয় দিশসমূহৰ বুজ লয়। ইপিনে, পঞ্চায়ত নিৰ্বাচনত বিনা প্রতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ২৪ খন জিলা পৰিষদৰ ৩ গৰাকী প্ৰাৰ্থী আৰু ১৩৯টা আঞ্চলিক পঞ্চায়ত সদস্যৰ ২৫ গৰাকী প্ৰাৰ্থীয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। গোলাঘাট দক্ষিণ আঞ্চলিক পঞ্চায়তৰ বিজেপি-অগপ মিত্ৰজোঁটৰ ৭ গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। সৰুপথাৰ সম-জিলাৰ মুঠ ২১ খন গাঁও পঞ্চায়তৰ পৰা ২১০ টা ৱাৰ্ড সদস্যৰ নিৰ্বাচন হ’ব। ইয়াৰে ২৫ গৰাকী ৱাৰ্ড সদস্য বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। কোনো প্রার্থীয়ে প্রার্থিত প্ৰত্যাহাৰ কৰিব বিচাৰিলে ১৭ এপ্ৰিলৰ বিয়লিৰ ৩ বজাৰ ভিতৰত আবেদন কৰিব লাগিব। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক