২৯ মে’ৰ পৰা বিকশিত কৃষি সংকল্প অভিযান মুকলি কৰা হ’ব : শিৱৰাজ সিং চৌহান

অহা ২৯ মে’ৰ পৰা বিকশিত কৃষি সংকল্প অভিযান মুকলি কৰা হ’ব বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰকাশ কৰে। অহা ১২ জুনলৈ চলিবলগীয়া এই অভিযানৰ জৰিয়তে কৃষকৰ মাজত আধুনিক প্রযুক্তি আৰু বিবিধ নতুন বীজৰ সৈতে সজাগতাৰ সৃষ্টি কৰা হ’ব। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি-খাৰিফ সজাগতা সন্মিলন ২০২৫ত উপস্থিত থাকি কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
১৫ দিনীয়া এই সজাগতা অভিযানৰ বিষয়ত আলোকপাত কৰি শ্ৰী চৌহানে কয়, যে এই অভিযানৰ অধিনত সমগ্ৰ দেশৰ ৭০০ খন জিলাৰ ১ কোটি ৫ লাখ খেতিয়কক সামৰি লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহৰ সহযোগত দুহেজাৰটা গোট গঠন কৰিব। এই গোটসমূহত কৃষি বিজ্ঞানী, বিষয়া আৰু প্ৰগতিশীল কৃষকৰ লগতে অন্যান্য সকলো থাকিব। প্ৰতিটো গোটেই জিলা পৰ্যায়ত প্রতিদিনে তিনিখনকৈ বৈঠক অনুষ্ঠিত কৰিব। ইয়াৰ জৰিয়তে প্ৰতিদিনে ১০ৰ পৰা ১২ লাখ খেতিয়কক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰী চৌহানে কৃষি সম্প্ৰসাৰণ সেৱা উন্নত কৰি সকলো প্ৰধান শস্যৰ উৎপাদন বঢ়োৱাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে সকলো নতুন প্রযুক্তি আৰু গৱেষণা নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰীক্ষাগাৰৰ পৰা পথাৰলৈ উপলব্ধ হোৱাত গুৰুত্ব আৰোপ কৰিছে ।