২৯ জানুৱাৰীত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত যুৱ সংসদৰ প্ৰস্তুতি সম্পৰ্কত জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠক

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত অহা ২৯ জানুৱাৰীত সোণাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰিবলগীয়া যুৱ সংসদৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত এনে যুৱ সংসদ অনুষ্ঠিত কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাতো এই সংসদৰ আয়োজন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলক সংসদৰ গুৰুত্ব আৰু গৰিমা, সংসদীয় কার্যপ্রণালী, বিভিন্ন নিয়মাৱলী, প্রয়োজনীয় আচাৰ-ব্যৱহাৰ আদি সম্পৰ্কে ব্যৱহাৰিক আভাস দিয়াৰ বাবে আয়োজন কৰা এই যুৱ সংসদত জিলাখনৰ মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।