ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 26, 2025 7:54 PM | HM Assam Visit

printer

২৯ আগষ্টত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্ৰমণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ২৯ আগষ্টত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে সেইদিনা দিনৰ ১১ বজাত পঞ্চায়ত সন্মিলনৰ পূৰ্বে অসম ৰাজভৱনৰ নতুন গৃহ উন্মোচন কৰিব। শ্ৰীশ্বাহে গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত পঞ্চায়ত প্রতিনিধি সন্মিলনত অংশ লৈ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ঘোষণা কৰিছে। আজি দলৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত সংবাদ মেলত শ্রীদাসে কয় যে এই সন্মিলনত বিজেপি, অসম গণ পৰিষদ, ৰাভা হাছ যৌথ সংগ্ৰাম সমিতি আৰু জনশক্তিকে ধৰি এন ডি এৰ সকলো শীর্ষ নেতা উপস্থিত থাকিব। প্রায় ২০ হাজাৰ নিৰ্বাচিত জনপ্রতিনিধি এই সন্মিলনত উপস্থিত থকাৰ কথা। তদুপৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ, ডিমা হাছাওকে ধৰি পৰিষদসমূহৰ নিৰ্বাচিত প্রতিনিধিসকলো এই অনুষ্ঠানত উপস্থিত থকাৰ কথা।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।