কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ৰাঁচিত হ’বলগীয়া ২৭ সংখ্যক পূব মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত দেশৰ পূব অঞ্চলৰ ৰাজ্য- ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু পশ্চিমবংগৰ ৭০ গৰাকী প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। মুখ্যমন্ত্রী মোহনচৰণ মাঝি, উপ-মুখ্যমন্ত্ৰী পাৰ্বতী পৰিদা, মন্ত্ৰী মুকেশ মহালিংগমে ওড়িশাক প্রতিনিধিত্ব কৰিব। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সমৰাট চৌধাৰী আৰু পশ্চিমবংগৰ মন্ত্ৰী চন্দ্ৰিকা ভট্টাচাৰ্যই ৰাজ্য দুখনৰ হৈ এই বৈঠকত প্ৰতিনিধিত্ব কৰিব। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে মুখ্য সচিব, গৃহ সচিব, আৰক্ষী মহানির্দেশক আৰু বিভিন্ন বিষয়াৰ সৈতে এই বৈঠকত ঝাৰখণ্ডক প্ৰতিনিধিত্ব কৰিব। বৈঠকত ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু পশ্চিমবংগৰ মাজৰ আন্তঃৰাজ্যিক বিষয়সমূহ আলোচনা কৰাৰ লগতে পূৰ্বৰ পৰিষদীয় বৈঠকৰ অগ্ৰগতি আৰু সিদ্ধান্তসমূহৰ পৰ্যালোচনা কৰা হ’ব।
Site Admin | July 10, 2025 12:09 PM | Amit Shah
২৭ সংখ্যক পূব মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব গৃহমন্ত্রী অমিত শ্বাহে
