May 11, 2025 11:58 AM | Weather

printer

২৭ মে’ত দক্ষিণ-পশ্চিম মৌচুমী প্রবাহ কেৰালা উপকূলত প্ৰৱেশৰ সম্ভাৱনা

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কয় যে ২৭ মে’ত দক্ষিণ-পশ্চিম মৌচুমী প্রবাহে কেৰালা উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। দক্ষিণ-পশ্চিম মৌচুমী প্রবাহৰ আৰম্ভণিৰ তাৰিখ ১ জুন বুলি ধাৰণা কৰা হৈছিল যদিও পাঁচ দিন পূর্বেই এইবাৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহে কেৰালা উপকূলত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। খাৰিফ শস্যৰ বীজ সিঁচাৰ বতৰত ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে লগতে ২০২৫ চনৰ বাৰিষা পৰিমাণগতভাৱে স্বাভাৱিকতকৈ বেছি হ’ব বুলি আশা প্ৰকাশ কৰিছে। একেৰাহে দ্বিতীয় বাৰলৈ বতৰ বিজ্ঞান বিভাগে স্বাভাৱিকতকৈ অধিক বৰষুণৰ আশা কৰিছে। মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, ওড়িশা, ছত্তীশগড়, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। জম্মু-কাশ্মীৰ, লাডাখ, তামিলনাডু, বিহাৰ, আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত স্বাভাৱিকতকৈ কম বৰষুণ হ’ব পাৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।