২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত ১৩৪ সংখ্যক ডুৰাণ্ড কাপ

● ২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ১৩৪ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতাৰ পূৰ্বে কালি তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত “ডুৰাণ্ড কাপ ট্ৰফী ট্যূৰ” কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচী ভাৰতীয় সেনাবাহিনীৰ গজৰাজ কৰ্পছৰ ১০৭ মাউণ্টেইন ব্রিগেডৰ উদ্যোগত তথা অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয়। এই কৰ্যসূচীত সেনাবাহিনীৰ তামুলপুৰৰ ১০৭ ব্রিগেড কর্নেল ভূপেন্দ্ৰ সিং চৌধুৰী, স্থানীয় বিধায়ক জলেন দৈমাৰী, তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক ডঃ দীপাংকৰ নাথ, সহকাৰী আয়ুক্ত অনুপম ডেকা, কর্নেল মনীষ নেগি, মেজৰ আৰ এছ সামণ্ট, প্রাক্তন সেনা বিষয়া বাসুদেৱ বৰ্মনসহ ভাৰতীয় সেনাবাহিনীৰ একাংশ জোৱান, ছাত্র-ছাত্রী তথা অঞ্চলটোৰ ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।