ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি

নাগালেণ্ডৰ কিচামা গাঁৱত অনুষ্ঠিত ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী আৰু মহোৎসৱৰ আয়োজক টেমজেন ইন্নাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ লগতে অভ্যাগতসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। কালিৰ অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ প্ৰতিনিধি গ্ল’ৰিয়া বাৰবেনাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে মহোৎসৱৰ ১০ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রী তথা অন্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।এইবাৰ এই মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষত নাগালেণ্ড চৰকাৰৰ সৈতে ৱেলছ, জাপান, পেৰু আৰু আমেৰিকাই সহযোগিতা আগবঢ়ায়। আনহাতে ছিকিম আৰু তেলেংগানায়ো এই মহোৎসৱত সহযোগ কৰে। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত যশস্বী সংগীত শিল্পী এ আৰ ৰহমান উপস্থিত আছিল।