July 12, 2024 8:27 PM

printer

২৫ জুনৰ দিনটো সংবিধান হত্যা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

চৰকাৰে প্ৰতি বছৰে ২৫ জুনৰ দিনটো সংবিধান হত্যা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৯৭৫ চনৰ এই দিনটোতে প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশৰ জৰুৰীকালীন অৱস্থা বলবৎ কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে, অত্যাচাৰী চৰকাৰৰ হাতত আতিশায্যৰ সন্মুখীন হোৱা সত্ত্বেও দেশত গণতন্ত্র বাহাল কৰাৰ বাবে সংঘৰ্ষত ব্ৰতী হোৱা লাখ লাখ লোকৰ ভাৱনাৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে, সংবিধান হত্যা দিৱস পালনে ব্যক্তিগত স্বাধীনতাৰ স্বাশ্বত বন্তি বৰ্তাই ৰখাত সহায় কৰিব আৰু দেশত গণতন্ত্ৰ ৰক্ষা হ’ব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।