২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন আজি নতুন দিল্লীলৈ আহিব

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ আহিব। এই দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে ৰাষ্ট্ৰপতি পুটিনে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সময়ত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা সংস্কৃতি আদিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে ভোজমেলৰ আয়োজন কৰিব। এই ভ্রমণে দুয়োখন দেশৰ মাজৰ বিশেষ আৰু কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাৰ লগতে দুয়োগৰাকী নেতাক দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনাৰ সুযোগ দিব। ভাৰতৰ প্ৰধানমন্ত্রী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজৰ এই বাৰ্ষিক সন্মিলন হৈছে কৌশলগত সহযোগিতাৰ দিশত সর্বোচ্চ প্রতিষ্ঠানগত আলোচনা। ইয়াৰ পূৰ্বে ভাৰত আৰু ৰাছিয়াত সলনাসলনিকৈ ২২ খন এনেধৰণৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে। ৰাছিয়া আৰু ভাৰতৰ মাজত দীৰ্ঘদিনীয়া মিত্ৰতা আছে আৰু দেশ দুখনৰ মাজৰ এই সম্পর্ক হৈছে ভাৰতৰ বৈদেশিক নীতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ। ২০০০ চনৰ অক্টোবৰত ভাৰত-ৰাছিয়া কৌশলগত অংশীদাৰিত্ব বিষয়ক ঘোষণা পত্ৰ স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা প্ৰায় সকলোবোৰ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ সম্পর্কই বিশেষভাৱে গতি লাভ কৰিছে।

২০১০ চনৰ ডিচেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্বক বিশেষ আৰু অগ্ৰাধিকাৰমূলক কৌশলগত অংশীদাৰিত্বলৈ সুদৃহ কৰা হৈছিল। তদুপৰি ২০৩০ চনৰ ভিতৰত বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক শক্তিশালী কৰি দ্বিপাক্ষিক বাণিজ্যক ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। উল্লেখযোগ্য যে ২০২৪-২৫ বৰ্ষত ভাৰত আৰু ৰাছিয়াৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যই প্রথমবাৰৰ বাবে ৬৮.৭ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।