ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 30, 2024 11:59 AM | Indian Army

printer

২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশ

ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কার্যালয়ে মধ্য অসমৰ ৪খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই সমাবেশ অনুষ্ঠিত হ’ব। চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহৰ পৰা মে’ মাহলৈ সাধাৰণ প্ৰৱেশ পৰীক্ষাত নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থীয়ে এই সমাবেশত অংশ ল’ব পাৰিব। প্রার্থীসকলে ফলাফল তথা অন্যান্য গুৰুত্বপূর্ণ তথ্যৰ বাবে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট WWW.JOININDIANARMY.NIC.INত লগইন কৰিব পাৰিব ।