ডাউনলোড
মোবাইল এপ

android apple
signal

২৩ জুলাইৰ পৰা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ২৩ৰ পৰা ২৬ তাৰিখলৈ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব। এই ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ২৩ ৰ পৰা ২৪ জুলাইলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰ্মাৰৰ আমন্ত্রণমর্মে ব্ৰিটেইনলৈ যাব। এই ভ্ৰমণকালত শ্রীমোদীয়ে ভাৰত ব্রিটেইন দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে প্রধানমন্ত্ৰী ষ্টাৰ্মাৰৰ সৈতে ব্যাপকভাৱে আলোচনা কৰিব। দুয়োগৰাকী নেতাই আঞ্চলিক আৰু গোলকীয় স্বাৰ্থ জড়িত বিভিন্ন সমস্যা তথা বিষয়ত মত বিনিময় কৰিব। প্ৰধানমন্ত্রী মোদীয়ে ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। এই ভ্রমণকালত উভয় দেশে বাণিজ্য আৰু অৰ্থনীতি, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু সুৰক্ষা, জলবায়ু, স্বাস্থ্য, শিক্ষা আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্কক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি সম্পৰ্কে পর্যালোচনা চলাব। এয়া হ’ব প্রধানমন্ত্ৰীগৰাকীৰ চতুৰ্থটো ব্ৰিটেইন ভ্রমণ।
এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত মালদ্বীপৰ ৰাষ্ট্ৰপতি ডাঃ মহম্মদ মুইজুৰ আমন্ত্রণমর্মে প্রধানমন্ত্রী মোদী দুদিনীয়া কাৰ্যসূচীৰে ২৫ জুলাইত দেশখনলৈ যাব। শ্রীমোদীয়ে মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিব। দুয়োগৰাকী নেতাই ভাৰত-মালদ্বীপে যুটীয়া লক্ষ্যৰে গ্ৰহণ কৰা ব্যাপক অর্থনৈতিক আৰু সামুদ্রিক সুৰক্ষা অংশীদাৰিত্ব ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰিব। এই ভ্রমণে উভয় দেশকে দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰি তোলাৰ বাবে সুযোগ প্ৰদান কৰিব। এয়া হ’ব প্ৰধানমন্ত্ৰীগৰাকীৰ তৃতীয়টো মালদ্বীপ ভ্রমণ।

অধিক পঢ়ক

সকলো চাওক