ডাউনলোড
মোবাইল এপ

android apple
signal

২২ জুনৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ অনুষ্ঠিত

● বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত কালিৰে পৰা ৫দিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। কালি প্রথম দিনটোতে তীব্ৰ গৰমকো নেওচি দেশী-বিদেশী লক্ষাধিক ভক্তৰ ভিৰেৰে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশৰ উপৰি জাৰ্মানীকে ধৰি ইউৰোপৰ কেইবাখনো দেশৰ পৰা বিদেশী ভক্ত অম্বুবাচী মহাযোগ উপলক্ষে আহি কামাখ্যা মন্দিৰত উপস্থিত হৈছেহি। বাহিৰৰ পৰা অহা ভক্তৰ একাংশই মন্দিৰ চৌহদত নানা বেশ-ভূষা পৰিধান কৰি দেৱীক আৰাধনা কৰাৰ লগতে বিভিন্ন যোগ প্ৰদৰ্শন কৰি আন আন ভক্তক আকর্ষণ কৰা পৰিলক্ষিত হৈছে। ইপিনে অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে মন্দিৰৰ চৌহদত বাহৰ পাতি পৰিস্থিতি তদাৰক কৰি আছে। বাহিৰৰ পৰা অহা ভক্তসকলৰ বাবে পাণ্ডু নদী বন্দৰ আৰু কামাখ্যা ৰে’ল ষ্টেচনত দুটা শিবিৰ স্থাপন কৰা হৈছে। কালি সন্ধিয়া পৰ্যটন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে পাণ্ডু নদী বন্দৰ ঘাটত থকা শিবিৰটো মুকলি কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে কামাখ্যা দেৱালয়ৰ বৰ দলৈ আৰু সৰু দলৈ উপস্থিত থাকে। ভক্তসকলক সহায়ৰ বাবে পৰ্যটন বিভাগে প্ৰথমবাৰৰ বাবে প্ৰণাম নামেৰে পাঁচটা আদৰণি কক্ষ নামনি কামাখ্যা, আদাবাৰী, কামাখ্যা ৰে’ল ষ্টেচন, পাণ্ডু নদী বন্দৰ আৰু ভূতনাথত স্থাপন কৰিছে। ইপিনে নামনিৰ পৰা নীলাচল পাহাৰৰ ওপৰলৈ খোজকাঢ়ি উঠি যোৱা ভক্তৰ বাবে খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে। আইন শৃংখলা তথা তীর্থযাত্রী, ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত ১২০ গৰাকী স্থায়ী সুৰক্ষা কৰ্মী, ৪০০ গৰাকী স্কাউট গাইড ১৫০ গৰাকী স্বেচ্ছাসেৱক, ২৫০ গৰাকী অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে ৫০০টা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব।২৬ জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱীস্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।