ডিব্ৰুগড়ৰ টেঙাখাতৰ লাঙি গদাপানী ক্ষেত্ৰত অহা ২১ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ টাই সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হ’ব। এই সন্মিলনত কেইবাখনো দেশব প্রতিনিধিয়ে ভাগ ল’ব। অৰুণাচলৰ উপ-মুখ্যমন্ত্রী চৌনা মিনিয়ে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। বিশ্বৰ বিভিন্ন স্থানত থকা টাই জনগোষ্ঠীৰ লোকসকলৰ মাজত সংস্কৃতিৰ আদান-প্ৰদান কৰাই হৈছে এই সন্মিলনৰ উদ্দেশ। সন্মিলনৰ সৈতে সংগতি ৰাখি বিভিন্ন জনগোষ্ঠীয় বস্ত্ৰ আৰু সা- সম্পদৰ প্ৰদৰ্শনী মেলা, বৌদ্ধিক আৰু আধ্যাত্মিক আলোচনা, সাংস্কৃতিক কার্যসূচী, শোভাযাত্ৰাব আয়োজন কৰা হৈছে। এইবাৰ তৃতীয়বাৰলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে।
Site Admin | January 12, 2025 12:08 PM | Dibrugarh Tai Sanskriti Sanmilan
২১ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ ডিব্ৰুগড়ৰ লাঙি গদাপানী ক্ষেত্ৰত টাই সাংস্কৃতিক সন্মিলন
