ডাউনলোড
মোবাইল এপ

android apple
signal

June 17, 2025 8:22 PM | Assam CM Meet

printer

২০ ছেপ্তেম্বৰত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ প্ৰভাতী বিমান সেৱা আৰম্ভ

ডিব্ৰুগড়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি অহা ২০ ছেপ্তেম্বৰত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ প্ৰভাতী বিমান সেৱা আৰম্ভ হ’ব। সেইদিনাই যোৰহাটৰ পৰা নতুন দিল্লীলৈ আন এখন নতুন বিমানৰ উৰণো আৰম্ভ হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ তিনিখন জিলা ডিব্ৰুগড়, লখিমপুৰ আৰু শিৱসাগৰ ভ্ৰমণ সামৰি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত এখন সংবাদ মেলত আজি এই কথা প্ৰকাশ কৰে। ইণ্ডিগ’ বিমান সংস্থাৰ সৈতে হোৱা বৈঠক মৰ্মে এই সেৱা আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ড০ শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ অ’ এন জি চিৰ গেছ নির্গমনৰ ফলত ক্ষতিগ্রস্ত ৩৩২টা পৰিয়ালক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা ২৫ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথাও সংবাদমেলত ঘোষণা কৰে। এই গেছ নির্গমন ৰোধৰ বাবে আমেৰিকাৰ এগৰাকী বিশেষজ্ঞক আমন্ত্রণ জনোৱা হৈছে আৰু শীঘ্ৰেই এই সমস্যা সমাধান হ’ব বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত কেন্দ্রীয় পেট্রলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ সৈতে তেওঁ যোগাযোগ ৰক্ষা কৰি আছে আৰু প্ৰয়োজনত পুনৰ শিৱসাগৰলৈ যাব বুলিও মন্তব্য কৰে। তদুপৰি মৰাণ আৰু মটক পৰিষদত এতিয়াৰে পৰা কেৱল মৰাণ আৰু মটক জনগোষ্ঠীৰ লোকেহে ভোটদান কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীয়ে আজি ইয়াৰ আগেয়ে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত দুলীয়াজান বিধানসভা সমষ্টিত ৰূপায়িত আঁচনিৰ অগ্রগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। দুলীয়াজান সমষ্টিত লোকনির্মাণ পথ আৰু গৃহ, জলসম্পদ, জলসিঞ্চন আৰু শক্তি বিভাগৰ উদ্যোগত ৮৭টা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ কাম চলি আছে। বৈঠকত মুখ্যমন্ত্ৰীয়ে সমষ্টিটোৰ বিভিন্ন সমস্যা তথা প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিভাগসমূহক দ্রুতগতিত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।