ডাউনলোড
মোবাইল এপ

android apple
signal

June 4, 2025 7:35 PM | Assam Flood

printer

২০ খন জিলাৰ ৬,১৭,০০০ৰো অধিক লোক এতিয়াও বানৰ কবলত

যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও ২০ খন জিলাৰ ৬ লাখ ১৭ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্রতিক বানত ৰাজ্যখনৰ এহেজাৰ ৪৮৯ খন গাঁৱৰ ১৪ হাজাৰ ৭৩৯ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ২২৩ টা আশ্রয় শিবিৰত ৩৯ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। যোৱা ২৪ ঘণ্টাত হাইলাকান্দি, শ্রীভূমি, মৰিগাঁও, কাছাৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকৰ বানৰ ফলত মৃত্যু হয়। এই সময়ছোৱাত ২ লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১৫ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা দুটা আশ্রয় শিবিৰত ৪৬৪ জন লোকে আশ্রয় লৈ আছে। ধনশ্ৰী, পাঁচনৈ আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰিছে। উদ্যানখনৰ প্ৰায় ৪০ শতাংশ অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ ১২টা বন শিবিৰ জলমগ্ন হৈ পৰিছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো বনৰীয়া জীৱ-জন্তুসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বন কৰ্মীসকলে নাৱেৰে কৰ্তব্য পালন কৰিবলগীয়া হৈছে। বানৰ বাবে উদ্যানখনৰ জীৱ-জন্তু ওখ স্থানলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে।
গোলাঘাট জিলাৰ দেৰগাঁৱৰ কেইবাটাও অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে। সাংসদ কামাখ্যা প্ৰসাদ তাছাই বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিভ্ৰমণ কৰি বানপীড়িত লোকসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ বানত ক্ষতিগ্ৰস্ত লোকসকলক সকলো সহায় আগবঢ়াবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।

বান পৰিস্থিতিৰ বুজ ল’বলৈ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি কাছাৰত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈছে। তেওঁ শিলচৰ-শিৱবাৰী ৰোডৰ সিংকিং জ’ন পৰিদৰ্শন কৰি যাত্রাপুৰ, গনিৰগ্ৰাম আৰু কাটিগড়াৰ সিদ্ধেশ্বৰত বান পৰিস্থিতিৰ বুজ লয়। ইপিনে, ৰাজ্যৰ সাম্প্ৰতিক বান সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বার্তালাপত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্রী ড০ শৰ্মাক কেন্দ্রীয় চৰকাৰৰ পৰা সাহায্য আৰু বন্যার্তৰ পুনৰসংস্থাপনৰ প্ৰচেষ্টাৰ বাবে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্রদান কৰে।

অধিক পঢ়ক

সকলো চাওক