ডাউনলোড
মোবাইল এপ

android apple
signal

২০ আগষ্টৰ ভিতৰত ৰূপৰেখাসহ শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বন বিভাগক নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্য অবৈধ দখলমুক্ত কৰাৰ বাবে ২০ আগষ্টৰ ভিতৰত ৰূপৰেখা সহ শপতনামা দাখিল কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছে। ন্যায়ালয়ে কালি বিভাগটোক আদালতত দাখিল কৰিবলগীয়া শপতনামাৰ বিষয়ে প্রশ্ন উত্থাপন কৰে। কালি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে বিগত ৫ মাহে শপতনামা দাখিল নোহোৱাক লৈ বন বিভাগক প্ৰশ্ন কৰে। এটা প্ৰকৃতিপ্ৰেমী সংগঠনে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই প্ৰশ্ন কৰে। উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ এই অভয়াৰণ্যখন দখলমুক্ত কৰাৰ বাবে প্ৰস্তুত কৰা ৰূপৰেখা বিগত কেইবামাহো জুৰি আদালতত দাখিল নোহোৱাক লৈ সংগঠনটোৱে আবেদন দাখিল কৰিছিল। ইয়াৰ আগেয়ে ৪ ফেব্ৰুৱাৰীৰ শুনানিতে বন বিভাগে অভয়াৰণ্যখনত বিতং জৰীপ আৰম্ভ কৰা বুলি আদালতক অৱগত কৰোৱাৰ লগতে অভয়াৰণ্যখন দখলমুক্ত কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰি থকা বুলিও আদালতক অৱগত কৰিছিল। সেই অনুসৰি আদালতে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষকক এই ৰূপৰেখাসহ এখন শপতনামা এমাহৰ ভিতৰত দাখিলৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অভয়াৰণ্যখন হোৱা অবৈধ দখল সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ এটা গোচৰত বন বিভাগে ইতিপূৰ্বে দাখিল কৰা শপতনামাত অভয়াৰণ্যখনৰ ৫০ হাজাৰ হেক্টৰ বনাঞ্চল দখলকাৰীৰ কৱলত পৰা বুলি উল্লেখ কৰিছিল। সেউজ ন্যায়াধীকৰণেও বন বিভাগকে অভয়াৰণ্যখন দখলমুক্ত কৰাৰ ব্যৱস্থা ল’বলৈ পৰামৰ্শ দিছে।

অধিক পঢ়ক

সকলো চাওক