ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০ৰ পৰা ২৭ মাৰ্চলৈ খেলো ইণ্ডিয়া পেৰা গেমছ

■ চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ অহা ২০ৰ পৰা ২৭ মাৰ্চলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব। ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই কালি এই কথা সদৰি কৰি কয়, যে দ্বিতীয়বাৰলৈ হ’বলগীয়া এই প্রতিযোগিতাত কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলিটকে ধৰি এহেজাৰ ২৩০ গৰাকী পেৰা এথলিটে ছটা শিতানত প্ৰতিদ্বন্দ্বিতা কৰিব। ২০২৪ পেৰিছ অলিম্পিক আৰু চীনৰ হাংজৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ পদক বিজয়ী খেলুৱৈয়েও ইয়াত অংশগ্রহণ কৰিব। কাৰ্যসূচী অনুসৰি জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ২১ৰ পৰা ২৬ মাৰ্চলৈ পেৰা আৰ্চাৰী, পেৰা ভাৰোত্তোলনৰ খেলসমূহ অনুষ্ঠিত হ’ব। ইপিনে, ইন্দিৰা গান্ধী ষ্টেডিয়ামত ২০ৰ পৰা ২৭ মাৰ্চলৈ পেৰা বেডমিণ্টন আৰু পেৰা টেবুল টেনিছ প্রতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিভাশালী দিব্যাংগ খেলুৱৈসকলক নিজৰ খেল প্ৰদৰ্শনৰ এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে খেলো ইণ্ডিয়া পেৰা গেমছ অনুষ্ঠিত কৰা হয়।