উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে যুৱক-যুৱতীসকলক সজাগ হ’বলৈ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। গুজৰাটৰ একতাৰ মূৰ্তিত চৰ্দাৰ @150 শীৰ্ষক ৰাষ্ট্ৰীয় পদযাত্ৰাৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি এইদৰে আহ্বান জনায়। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত যুৱক- যুৱতীসকলক দেশৰ বিকাশৰ চালিকা শক্তি বুলি অভিহিত কৰে আৰু দেশৰ বিশাল যুৱপ্ৰজন্মই মহান ৰাষ্ট্ৰীয় শক্তিক প্ৰতিনিধিত্ব কৰা বুলি মন্তব্য কৰে। দেশৰ একতা আৰু ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত চৰ্দাৰ বল্লভ ভাই পেটেলৰ অপাৰ অৱদানৰ কথা স্মৰণ কৰি শ্ৰীৰাধাকৃষ্ণণে যুৱ প্ৰজন্মক বল্লভভাই পেটেলৰ প্ৰমূল্যৰাজি আকোঁৱালি ল’বলৈ আহ্বান জনায়। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মাই য়ুবা ভাৰতৰ দৰে যুৱ প্ৰজন্মৰ শক্তি চৰিত্ৰ গঠন, উদ্ভাৱণ আৰু উদ্যমশীলতাৰ দিশে লৈ যোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বিষয়ে আলোকপাত কৰে। চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জন্মবার্ষিকী উদযাপন কল্পে যোৱা ২৬ নৱেম্বৰত কৰম চদৰ পৰা এই পদযাত্ৰা আৰম্ভ কৰা হৈছিল আৰু কালি গুজৰাটত থকা একতাৰ মূৰ্তিৰ সমীপত এই যাত্ৰাৰ সামৰণি পৰে। গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত, মুখ্যমন্ত্রী ভূপেন্দ্ৰ পেটেল আৰু মনসুখ মান্দাভিয়া, ৰক্ষা খড়ছে আৰু ৰাজীৱ ৰঞ্জন ৰায়কে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সামৰণি অনুষ্ঠানত উপস্থিত থাকে।
Site Admin | December 7, 2025 11:20 AM | vice president CP Radhakrishnan @Sardar150
২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সজাগ হৈ একেলগে কাম কৰিবলৈ যুৱক-যুৱতীসকলক উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ আহ্বান