২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিবঃ কেন্দ্রীয় শিক্ষা ধর্মেন্দ্র প্রধান

২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সংকল্প পূৰণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলি কেন্দ্রীয় শিক্ষা ধর্মেন্দ্র প্রধানে উল্লেখ কৰিছে। আজমেৰৰ সমীপত আজি ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠিত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অনাগত দুটা দশকত ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়ি তোলাটো দেশৰ নাগৰিকসকলৰ সমূহীয়া সংকল্প আৰু এই সংকল্প পূৰণ কৰা হ’ব। যুৱ প্ৰজন্মৰ কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু নিষ্ঠাই এই সংকল্প পূৰণত সহায় কৰিব বুলি শ্রীপ্রধানে মন্তব্য কৰে। শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে বিশ্বৰ পৰিস্থিতিৰ পৰিৱৰ্তন হৈ আছে আৰু শক্তিশালী শক্তি হিচাপে ভাৰতৰ উত্থান ঘটিছে। তেওঁ লগতে চাকৰিৰ পাছত দৌৰাৰ পৰিৱৰ্তে নিজকে উদ্যমী হিচাপে প্রতিষ্ঠা কৰিবলৈ আৰু আনকো কৰ্ম-সংস্থাপনৰ সুযোগ প্ৰদান কৰিবলৈ উচ্চ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত যুৱক-যুৱতীসকলৰ প্ৰতি আহ্বান জনায়। তেওঁ কয়, যে দৃষ্টিভংগীৰ এই পৰিৱৰ্তনে ভাৰতক বিশ্বৰ সৰ্ববৃহৎ অর্থব্যৱস্থাৰূপে প্ৰতিষ্ঠা কৰিব। দেশত শৈক্ষিক প্ৰতিষ্ঠানৰ মান নিৰন্তৰ উন্নত হোৱা বুলি উল্লেখ কৰি শ্ৰীপ্রধানে কয়, যে ২০১৪ চনত বিশ্বৰ শীৰ্ষৰ ৫০০ খন শৈক্ষিক প্ৰতিষ্ঠানৰ ভিতৰত মাত্ৰ ১১ খন ভাৰতীয় প্ৰতিষ্ঠান আছিল। শেহতীয়া প্ৰতিবেদনত এনে প্ৰতিষ্ঠানৰ সংখ্যা ৫৪লৈ বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে নতুন শিক্ষানীতিৰ অধীনত বিদেশী বিশ্ববিদ্যালয়সমূহকো দেশত চৌহদ মুকলি কৰাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু বৰ্তমানলৈকে ৮ খন এনে বিশ্ববিদ্যালয়ে ভাৰতত চৌহদ মুকলি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।